আপুনি যিমানেই ধুনীয়া নহওক কিয় , য়িমানেই দামী কাপোৰ নিপিন্ধক কিয়, মুখত মেকাপ নসজাওক কিয় মুখৰ গোন্ধই নিমিষতে নষ্ট কৰিব পাৰে আপোনাৰ সন্মান । আপোনাৰো হয়তু ভাল নালাগে তেনে সময়ত। প্ৰায়সংখ্যক লোকৰ অভ্যাস আছে যে ৰাতি আহাৰ খোৱাৰ পিছত ব্ৰাছ কৰি শুৱে। কিন্তু ৰাতিপুৱা সাৰ পোৱাৰ পিছতো একে সমস্যা। ৰাতি ব্ৰাছ কৰি শুই থকাটো পৰিচ্ছন্নতাৰ অংশ, ৰাতিপুৱা উঠি আকৌ একেই সমস্যাৰ সন্মুখীন হয়। সচৰাচৰ এইটো এটা নিতৌ চলি থকা সমস্যা, কিন্তু এই সমস্যাৰ সন্মুখীন হোৱা আপুনি প্ৰথমজন ব্যক্তি নহয়। মুখৰ পৰা ওলোৱা গোন্ধ সাধাৰণতে আপুনি খোৱা খাদ্যৰ ফলত হয়। যধে মধে খোৱা খাদ্যৰ জীৱনশৈলীৰ ফলতো এনে সমস্যা হোৱা দেখা যায়। খাদ্যৰ টুকুৰাবোৰ আপোনাৰ দাঁতত লাগি যায় আৰু সেইবোৰে দুৰ্গন্ধৰ ৰূপ লয়। উত্তৰ স্পেইনৰ এজন বিখ্যাত অৰ্থোডণ্টিষ্ট ড. খালিদৰ দ্বাৰা দিয়া কিছুমান পৰামৰ্শ জনাইছো যি ৰাতিপুৱা মুখৰ পৰা ওলোৱা গোন্ধৰ পৰা হাত সাৰিব পাৰে।
১. মুখৰ পৰিচ্ছন্নতা বজাই ৰখা : ডাঃ খালিদে থেমিৰক কৈছে যে আমি নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া উচিত। এনে পৰিস্থিতিত, উশাহৰ দুৰ্গন্ধ প্ৰতিৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে আপোনাৰ মুখৰ পৰিচ্ছন্নতা বজাই ৰখা। জিভা আৰু আপোনাৰ দাতঁৰ গুৰিত লাহেকৈ ব্ৰাছ কৰিব লাগে কিয়নো তাত বেক্টেৰিয়া থাকে। ফ্লৰাইড টুথপেষ্ট আৰু এণ্টি-বেক্টেৰিয়া মাউথৱাছ ব্যৱহাৰ কৰাটো আৱশ্যক।
২. হাইড্ৰেটেড ৰখা : ৰাতি ৮ ঘণ্টাৰ পিছত সাৰ পালে আপোনাৰ মুখখন শুকান হৈ থাকিব পাৰে। যেতিয়া মুখত লেলাৱতি লাগি থাকে , তেতিয়া বেক্টেৰিয়া বৃদ্ধি নহয়। মুখখন শুকাই থকা অৱস্থাত বেক্টেৰিয়া উৎপন্ন হ'য় আৰু সেইবোৰৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়। আচলতে আমি শুই থকা অৱস্থাত লেলাৱতিৰ উৎপাদন কমকৈ হয়। যাৰ ফলত ৰাতি টোপনিৰ পৰা সাৰ পোৱাৰ পিছত আমাৰ খুব পিয়াহ লাগে। সদায় নিজকে ভালদৰে হাইড্ৰেটেড কৰি ৰাখিব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে ।
৩. তীব্ৰ গোন্ধযুক্ত খাদ্য পৰিহাৰ কৰক : পিয়াজ নহৰু আদি খাদ্য খোৱাৰ ফলতো মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ এটা কাৰণ হ’ব পাৰে। ৰাতি ভাৰসাম্য ৰখা আহাৰ গ্ৰহণ কৰিব যি শৰীৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। সদায়ে এনে খাদ্য খাব যিয়ে বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে।
৪.দৈনিক কমলা খাওঁক : দৈনিক কমলা খাওঁক। কমলাই দাঁত পৰিষ্কাৰ কৰাত সহায় কৰে কিয়নো কমলাত ভিটামিন C পোৱা যায়। ভিটামিন C য়ে লেলাৱতিৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে আৰু উশাহৰ দুৰ্গন্ধ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে দৈনিক কমলা খাব।
৫. কেলচিয়াম সমৃদ্ধ দৈ খাওঁক : দৈত লেক্টোবেচিলাছ নামৰ এক স্বাস্থ্যকৰ বেক্টেৰিয়া থাকে যিয়ে আপোনাৰ বেক্টেৰিয়াৰ ভাৰসাম্য বজাই ৰখাত আৰু উশাহৰ দুৰ্গন্ধ হ্ৰাস কৰাত সহায় কৰে। সোৱাদযুক্ত দৈৰ সলনি সাধাৰণ কেলচিয়াম সমৃদ্ধ দৈ খাব। আৰু যদি এই সমস্যাৰ সুফল পোৱা নাই তেন্তে এবাৰ দন্ত চিকিৎসকক পৰামৰ্শ লওঁক।