দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে

Rinku Rajowar
0
সদ্য ঘোষিত ২০২৩ ৰ NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ বৰপেটা জিলাৰ সৰভোগ সমষ্টিলৈ গৌৰৱ কঢ়িয়ালে ৰায়পুৰ গাঁওৰ শৰিফুল খানে । দৰিদ্ৰতা কেতিয়াও সেঙাৰ হব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুৱালে ৰায়পুৰ গাৱৰ যুৱক শৰিফুল খানে । শৰিফুল খান ৰায়পুৰ গাঁওৰ  খেতিয়ক সুমেশ খানৰ  সুসন্তান। দেউতাকৰ মৃত্যুৰ পিছত ডাঙৰ ভাতৃ ছুলেমান খানৰ নেতৃত্বত পৰিয়াল পোহ-পালৰ লগতে শৰিফুল খানৰ পঢ়া দায়িত্ব বহন কৰে । কঠোৰ পৰিশ্ৰম সংক্ৰামৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । শৰিফুল খানে NEET পৰীক্ষাত লাভ কৰিছে ৫৭৪-নম্বৰ । শৰিফুল খানৰ ফলাফলে উৎফুল্লিত ৰায়পুৰ গাঁওবাসী । উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ পাছত গুৱাহাটীস্থিত এফেনিটি কোচিং চেণ্টাৰত অধ্যয়ন কৰি আছিল। এই সাফল্যত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰায়পুৰ গাঁওখনত ।

Post a Comment

0Comments

Post a Comment (0)