ৰাজ্যৰ কোন কেইখন গাঁৱত নাই খেলপথাৰ

rintu Kurmi
0


ৰাজ্যৰ কোন কেইখন গাঁৱত নাই খেলপথাৰ

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এনে ৪৯টা বিধানসভা সমষ্টি আছে, যিকেইটা সমষ্টিৰ মুঠ ৭,৮৮১ খন ৰাজহ গাঁৱত নাই ক্ৰীড়া অনুশীলনৰ নামত কোনোধৰণৰ আন্তঃগাঁথনিমূলক সা-সুবিধা নাই ।

  ৰাজ্যখনৰ হেজাৰ হেজাৰ গাঁৱত ক্রীড়া প্রতিভা অকালতে মৰহি যোৱাৰ আছে বহু অভিযোগ। ৰাজ্যখনৰ এনে কেইবাটাও বিধানসভা সমষ্টি আছে, যি একোটা সমষ্টিৰ শতাধিককৈ ৰাজহ গাঁৱত নাই এখন ৰাজহুৱা খেলপথাৰ অথবা ক্ৰীড়াৰ ক্ষেত্ৰক আগুৱাই নিবলৈ এটা পঞ্জীয়নভুক্ত ক্লাব ঘৰো ।

 ৰাজ্যখনত এনে গাঁৱো আছে, য'ত সাধাৰণভাৱে ক্ৰীড়াৰ অনুশীলন কৰিবলৈ নাই খেলৰ সামগ্ৰী । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ এনে হেজাৰ হেজাৰ গাঁও আছে, য'ত ক্ৰীড়াৰ অনুশীলনৰ বাবে আন্তঃগাঁথনিৰ লগতে উপলব্ধ নহয় এগৰাকী প্ৰশিক্ষক অথবা শাৰীৰিক নির্দেশক । এনে ন্যূনতম প্রয়োজনীয় আন্তঃগাঁথনিৰ অভাৱৰ পিচতো ৰাজ্য চৰকাৰে ৰাজহুৱা খেলপথাৰ নথকা ৰাজহ গাঁওবোৰত কোনোধৰণৰ খেলপথাৰ নিৰ্মাণ হৈ উঠা নাই । 

 ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত কেইবাটাও প্রতিযোগিতাৰ উপৰি স্থানীয় বিধায়কৰ উদ্যোগতো খেল প্রতিযোগিতা অনুষ্ঠিত কৰা আঁচনি ৰূপায়ণ কৰি আহিছে যদিও একো একোজন জনপ্রতিনিধিয়ে ১৫-২০ বছৰ পৰ্যন্ত একেৰাহে বিধায়ক হৈ থকাৰ পিচতো তেওঁলোকৰ সমষ্টিৰ শতাধিককৈ গাঁৱত এখন খেলপথাৰ নথকাটো দুর্ভাগ্যজনকেই নহয়, বিধায়কজনৰ বাবে চৰম ব্যৰ্থতাৰো পৰিচয় ।

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এনে ৪৯টা বিধানসভা সমষ্টি আছে, যিকেইটা সমষ্টিৰ মুঠ ৭,৮৮১ খন ৰাজহ গাঁৱত নাই ক্ৰীড়া অনুশীলনৰ নামত কোনোধৰণৰ আন্তঃগাঁথনিমূলক সা-সুবিধা।  

 ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তথ্য অনুসৰি বিধানসভা সমষ্টি অনুসৰি এখন খেলপথাৰো নথকা ৰাজহ গাঁৱৰ সংখ্যা এনেধৰণৰ — চেঙাৰ ৬০ খন গাঁও, পাটাছাৰকুছিৰ ৫৩ খন গাঁও, ভৱানীপুৰত ৩৫ খন গাঁও, বৰপেটাৰ ১২৩ খন গাঁও, বাঘবৰত ১১৭ খন গাঁও, জনিয়াৰ ৮৩ খন গাঁও, সৰুক্ষেত্ৰীৰ ১০৮ খন গাঁও, সৰভোগৰ ৭৬ খন গাঁও, বিশ্বনাথৰ ২৩০ খন গাঁও, বিহালীৰ ১৯৩ খন গাঁও, গহপুৰৰ ৩১০ খন, মাহমৰাৰ ৪৫ খন গাঁও, সোণাৰিৰ ১০০ খন গাঁও, মঙলদৈৰ ১৯০ খন গাঁও, ছিপাঝাৰৰ ১৬৪ খন গাঁও, দলগাঁৱৰ ১৫৩ খন গাঁও, কাজলগাঁৱৰ ২৩ খন গাঁও, কাছাৰ জিলাৰ কাটিগড়, লক্ষীপুৰ, শিলচৰ, সোণাই, উদাৰবন্দৰ মুঠ ১৫০ খন গাঁও, কুৰীৰ ৭৮ খন গাঁও, গৌৰীপুৰৰ ১১৩ খন গাঁও, গোলকগঞ্জৰ ৭২ খন গাঁও, বিলাসীপাৰা (পূব)ৰ ১৬৮ খন গাঁও, বিলাসীপাৰা (পশ্চিম)ৰ ১৪৪ খন গাঁও, হাফলং (জনজাতি)ৰ ৪৩০ খন গাঁও, হাইলাকান্দি জিলাৰ হাইলাকান্দি, আলগাপুৰ, কাটলিছেৰা, লালাৰ মুঠ ৩১২ খন গাঁও, বকোৰ ৩৪ খন গাঁও, ছয়গাঁৱৰ ২৪ খন গাঁও, হাজোৰ ৫৫ খন গাঁও, জালুকবাৰীৰ ৪৪ খন গাঁও, কমলপুৰৰ ১২৫ খন গাঁও, পলাশবাৰীৰ ৩৪ খন গাঁও, ৰঙিয়াৰ ৫২ খন গাঁও, পশ্চিম গুৱাহাটীৰ ৫৬ খন গাঁও, দিছপুৰৰ ১৬৯ খন গাঁও, কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, ডিফু, বোকাজান সমষ্টিৰ মুঠ ২,৩৪২ খন গাঁও, মৰিগাঁও জিলাৰ মৰিগাঁও, জাগীৰোড, লাহৰীঘাট সমষ্টিৰ মুঠ ৪৬৪ খন গাঁও, পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ৰ ১৪ খন গাঁও।

Post a Comment

0Comments

Post a Comment (0)