স্বাধীনতা দিৱসত লালকিল্লাত অসমৰ বিশেষ অতিথি
আমাৰ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস শমাগত। এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰৰ ১৮শ লোকক ‘বিশেষ অতিথি’ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । দেশৰ ১৮০০ ‘বিশেষ অতিথি’ৰ (Independence day Special guests) দীঘলীয়া তালিকাখনত অসমৰ ১৯ গৰাকী লোকেও স্থান পাইছে। অৰ্থাৎ অসমৰ (Assam) ১৯ গৰাকী ‘বিশেষ অতিথি’ এইবাৰৰ স্বাধীনতা দিৱসত লালকিল্লাত (Red Fort) প্ৰধানমন্ত্ৰীয়ে কৰা পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকিব।
অসমৰ পৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ আমন্ত্ৰণ লাভ কৰা অতিথি সকলৰ ভিতৰত আছে
নলবাৰীৰ অনামিকা ভূঞা
অনামিকা ভূঞা
গুৱাহাটীৰ মৃৎশিল্পী মহানন্দ কুমাৰ
গুৱাহাটীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীমতী চম্পা সিনহা
যোৰহাটৰ কমাৰশিল্পী শ্ৰী ৰিদীপ কুমাৰ দত্ত
নগাঁৱৰ শিল্পী হিৰণ্য বনিয়া
এই কেইগৰাকী ‘বিশেষ অতিথি’ৰ লগতে অসমৰ পৰা আমন্ত্ৰিত হৈছে মুঠ ১৯ গৰাকী ‘বিশেষ অতিথি’।