স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দীঘলীপুখুৰীৰ পাৰত লেজাৰ শ্ব,
৭৭ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘন্টা ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণ অসম আৰক্ষী আৰু NCC সদস্যৰ পেৰেডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি লতাশিলত অনুষ্ঠিত হয় এই কাৰ্য্যসূচী ৷ ২৭ টাৰো অধিক আৰক্ষী, ছাত্ৰ-ছাত্ৰীৰ দলত প্ৰায় ৬ শ আৰক্ষী শিক্ষাৰ্থীয়ে অংশ লয় পেৰেডত ৷ লতাশিলৰ পৰা আম্ভ কৰি লেম্ব ৰোড হৈ দীঘলীপুখুৰীৰ পাৰলৈ আহে এই পেৰেড ৷ আৰু তাৰ পিছতে দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হয় লেজাৰ শ্ব, আতচবাজীৰ মায়াজাল ৷ দেশভক্তিমূলক গীতৰ তালে তালে লেজাৰ প্ৰদৰ্শন ৷ সন্ধিয়াৰ লগে লগে জিলিকি থকা দীঘলীপুখুৰী উজলি উঠিলে বিশেষ সন্ধিয়াটোত ৷
অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ আগতীয়া শুভেচ্ছা জনায় ৷ স্বাধীনতা দিৱসত হিলদ’ল ভাঙি অংশ লবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ লগতে স্বাধীনতা দিৱসত প্ৰত্যেক ব্যক্তি নিজৰ ঘৰত উত্তোলন কৰক স্বাধীনতা পতাকা ৷ ঘৰত পতাকা উত্তোলন কৰি নিৰ্দিষ্ট প’ৰ্টেলত ফটো আপলোড কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷