ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জিলিকি উঠিল অনুৰ আৰু বুম্বা ৰাইড

rintu Kurmi
0
মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত অনুৰ নামৰ অসমীয়া চলচ্চিত্ৰই ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া ভাষাত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ বৃহস্পতিবাৰে সন্ধিয়া ঘোষণা কৰা হৈছে । বিশ্বজিৎ বৰা পৰিচালিত আন এখন ছবি বুম্বা ৰাইডে শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰৰ বঁটা লাভ কৰে ।
প্ৰণৱ জ্যোতি ডেকাৰ ছবি Fire on Edge এ ফিচাৰ শাখাত শ্ৰেষ্ঠ এন্থ্ৰপলজিকেল চলচ্চিত্ৰ (Anthropological Film award)ৰ বঁটা লাভ কৰে। আনহাতে বলীউডৰ অন্যতম অভিনেত্ৰী আলিয়া ভাট আৰু কৃতি চাননক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে আৰু দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে । অসমৰ অভিনেত্ৰী জাহানাৰা বেগম আৰু কুলাদা কুমাৰ ভট্টাচাৰ্যক ক্ৰমে ফিচাৰ ফিল্মচ শ্ৰেণীত জুৰীৰ বিশেষ উল্লেখ সন্মান আৰু হাতীবন্ধুত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ বাবে সন্মানিত কৰা হৈছে।

Post a Comment

0Comments

Post a Comment (0)