অসমৰ চাৰি জিলা পুনৰ গঠন।

rintu Kurmi
0


অসমৰ চাৰি জিলা পুনৰ গঠন। বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী জিলাই ঘূৰাই পালে জিলাৰ মৰ্যাদা। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছত সম্বোধন কৰা সংবাদমেলত এই কথা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি বিশ্বনাথ জিলা নতুনকৈ গঠন হ’ব। বিশ্বনাথ, গহপুৰ, বিহালীক সামৰি গঠন কৰা হ’ব বিশ্বনাথ জিলা। ইয়াৰ লগতে তামুলপুৰ, গোৰেশ্বৰক মিলাই তামুলপুৰ জিলা গঠনৰ লগতে বজালী জিলাও গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। ভৱানীপুৰ-সৰভোগ, বজালী সমষ্টি মিলাই বজালী জিলা গঠন কৰা হব। হোজাইৰ ক্ষেত্ৰতো ভৌগলিক সীমাৰ সালসলনি হ’ব।

ইয়াৰ লগতে ৰাজ্যত ৮১খন উপ জিলা গঠন কৰা হৈছে। কামৰূপ মহানগৰত থাকিব চাৰিখন উপজিলা। একোখন জিলাৰ ভিতৰত থাকিব একাধিক উপজিলা। উপজিলাসমূহৰ প্ৰশাসনীয় মুৰব্বী ৰূপে থাকিব অতিৰিক্ত উপায়ুক্ত। উল্লেখ্য, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী উপ-জিলা থাকিব কামৰূপ মহানগৰত। গুৰুত্বপূৰ্ণ যে বিলুপ্ত কৰা হৈছে মহকুমা। এতিয়াৰ পৰা আৰু মহকুমা হৈ পৰিল ইতিহাস।

Post a Comment

0Comments

Post a Comment (0)