প্ৰথম ফাউল কৰে নীৰজ চোপ্ৰাই। ইয়াৰ পিছত
দ্বিতীয় চেষ্টাত তেওঁ ৮৮.১৭ মিটাৰ জেভলিন দলিয়াই।
তৃতীয়বাৰ নীৰজ চোপ্ৰাই ৮৬.৩২ মিটাৰ পাৰ কৰে। জাৰ্মান তাৰকা জুলিয়ান ৱেবাৰে ৮৫.৭৯ মিটাৰ দূৰত্ব অতিক্ৰম কৰে।
চতুৰ্থ প্ৰচেষ্টাত ৮৪.৬৪ মিটাৰ দলিয়ায় নীৰজে।
পঞ্চম প্ৰচেষ্টা ৮৭.৭৩ মিটাৰ জেভলিন থ্ৰ’ কৰে ভাৰতৰ স্বৰ্ণপুত্ৰই।
অন্তিম প্ৰচেষ্টাত ৮৩.৯৮ মিটাৰ দলিয়ায় নীৰজ চোপ্ৰাই।
পাকিস্তানৰ তাৰকা আৰছাদ নাদিমে তৃতীয় প্ৰচেষ্টাত ৮৭.৮২ মিটাৰ পাৰ কৰিছিল। তেওঁ নীৰজৰ পিছতে আছিল সেই সময়ত। শেষতো নীৰজৰ পিছতে থাকে আৰছাদ। অলিম্পিকৰ দৰে এইবাৰো যেন অপ্ৰতিৰোধ্য আছিল নীৰজ! বিশ্ব এথলেটিকছ চেম্পিয়নশ্বীপত স্বৰ্ণজয় কৰি পুনৰ এবাৰ দেশক গৰ্বিত কৰিলে ভাৰতৰ স্বৰ্ণপুত্ৰই।
Writer: Rintu kurmi