ৰাজ্যৰ প্ৰশাসনিক বিভাগৰ কেইবাগৰাকী বিষয়াক ৰদ-বদল

rintu Kurmi
0

 


দেওবাৰে ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা এক নিৰ্দেশনাযোগে কেইবাগৰাকী বিষয়াক বিভিন্ন বিভাগলৈ বদলি কৰা হৈছে। 

 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আয়ুক্তৰ দায়িত্বত থকা আই এ এছ বিষয়া মেঘা নিধি দাহালক অতিৰিক্ত দায়িত্ব, আয়ুক্ত দাহালক AIDS নিয়ন্ত্রক বিভাগৰ প্রকল্পৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে।

এ চি এছ বিষয়া তথা উচ্চ শিক্ষাৰ সঞ্চালকৰ দায়িত্বত থকা ধৰ্মকান্ত মিলিক বদলি কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালকৰ দায়িত্ব ।

 স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অতিৰিক্ত সচিব পমী বৰুৱাক বদলি কৰি উচ্চ শিক্ষাৰ সঞ্চালকৰ দায়িত্ব ।

 ড০ ইন্দ্রনাশী দাসক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকৰ দায়িত্বৰ লগতে আয়ুসৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব ।

চৰকাৰী নিৰ্দেশনা তলত দিয়া হল







Post a Comment

0Comments

Post a Comment (0)