মহিলাক অপমান কৰাৰ বাবে নিলম্বন IPS বিষয়া

rintu Kurmi
0


গৃহ মন্ত্ৰালয়ে চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰে এগৰাকী  বিষয়া। নাইট ক্লাবত এগৰাকী মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গোৱাত নিযুক্ত থকা আইপিএছ গৰাকীক  নিলম্বন কৰে মন্ত্ৰালয়ে । কোয়ান নামৰ আই পি এছ গৰাকী ২০০৯ বেচৰ এজিএমইউটি কেডাৰৰ বিষয়া। এই গৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধেই গোৱাৰ নাইট ক্লাবত এগৰাকী মহিলাক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল। গোৱা বিধানসভাতো বিষয়টো উত্থাপন হৈছিল। ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তেও আইপিএছ বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল।

Post a Comment

0Comments

Post a Comment (0)