কেইবাখনো দেশৰ মাজত হোৱা ভাৰত- মধ্যপ্ৰাচ্য-ইউৰোপ ইক’নমিক কৰিডৰ চুক্তি অনুসৰি ভাৰতৰ পশ্চিম প্ৰান্তৰ পৰা আৰৱ উপসাগৰীয় দেশলৈ সমুদ্ৰপথেৰে বাণিজ্যিক কৰিডৰ হ’ব। একে সময়তে ভাৰতৰ চেন্নাইৰ পৰা ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভস্তকলৈ সমুদ্ৰ পথেৰে বাণিজ্যিক কৰিডৰৰ বাবেও তৎপৰ হৈছে ভাৰত। আৰু এই সামুদ্ৰিক অৰ্থনৈতিক কৰিডৰ সম্প্ৰসাৰণৰ প্ৰসংগত আলোচনাৰ বাবে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাছিয়া অভিমুখে যাত্ৰা কৰিছে। ৰাছিয়াৰ ভ্লাদিভস্তকত ১০ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ আয়োজিত হোৱা ‘প্ৰাচ্য অৰ্থনৈতিক মঞ্চ’ত (Eastern Economic Forum) কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কবিৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইখন মঞ্চতে প্ৰকাশ কৰিব ‘ইষ্টাৰ্ন মেৰিটাইম কৰিডৰ’ৰ কথা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘প্ৰাচ্য অৰ্থনৈতিক মঞ্চ’ত (Eastern Economic Forum) উত্থাপন কৰিব লগীয়া ‘ইষ্টাৰ্ন মেৰিটাইম কৰিডৰে’ ভাৰত- ৰাছিয়াৰ মাজত কম সময়তে সামগ্ৰী পৰিবহনেৰে সৃষ্টি কৰিব দ্বিপাক্ষিক বাণিজ্যৰ নতুন দিগন্ত। ভাৰতৰ বন্দৰৰ পৰা ৰাছিয়াৰ সবাতোকৈ পূব প্ৰান্তৰ বন্দৰলৈ সামগ্ৰী পৰিবহনৰ সময় ২৪ দিনলৈ হ্ৰাস পাব। ইয়াৰ পূৰ্বে ভাৰতৰ পৰা ৰাছিয়াৰ পশ্চিম প্ৰান্তৰ বন্দৰ চহৰ ন’ভ’ৰ’ছিস্কলৈ সামুদ্ৰিক পথেৰে প্ৰয়োজন হৈছিল ৩০ দিনৰ।