আৰক্ষীৰ দুৰ্নীতি হ্ৰাস কৰিবৰ বাবেই স্বচ্ছ আৰু নিকা নিযুক্তিত গুৰুত্ব প্ৰদান কৰিছিল অসম চৰকাৰে । এটকাও উৎকোচ নিদিয়াকৈ মেধা আৰু যোগ্যতাৰ ভিত্তিত অসম আৰক্ষীত নিযুক্তি লাভ কৰিছিল বহু দুখীয়া পৰিয়ালৰ যুৱক যুৱতী। সকলোৱে আশা কৰিছিল পূৰ্বৰ তুলনাত নতুনকৈ অসম আৰক্ষীত যোগদান কৰা বিষয়াসকলে সততাৰে নিজৰ দায়িত্ব পালন কৰিব। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবল পদত নতুনকৈ নিযুক্তি লাভ কৰা বহু বিষয়া দুৰ্নীতি নিবাৰকৰ হাতত ধৰা পৰাৰ পিছতেই অসম আৰক্ষীত বৰ্তমানেও চলি থকা দুৰ্নীতিৰাজৰ কথা প্ৰত্যক্ষভাৱে প্ৰমাণ হৈছে। নৱনিযুক্ত বহু আৰক্ষী উপ-পৰিদৰ্শকে সহজে ধন ঘটাৰ আশাত বক্ৰপথৰে ধন আহৰণ কৰাৰ গোপন তথ্য আৰক্ষীৰ শীৰ্ষ মহলে লাভ কৰিছে। পৰ্যাপ্ত প্ৰমাণ মজুত হ’লেই নৱনিযুক্ত এইসকল বিষয়াৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল’ব অসম আৰক্ষীৰ শীৰ্ষমহলে। সেয়ে এতিয়া ৰাজ্যৰ বিভিন্ন থানাত নিয়োজিত অসম আৰক্ষীৰ বহু দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ সকলো গতি-বিধি গোপনে নিৰীক্ষণ কৰিছে অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগে। শীঘ্ৰেই উজনি-নামনিৰ বহু দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া বিপদত পৰাৰ সম্ভাৱনা আছে।