অসমৰ মুখ্যমন্ত্ৰীলৈ লী কুৱান য়ুউ এক্সেঞ্জ ফেল’শ্বিপ সন্মান

rintu Kurmi
0


ৰাজহুৱা সেৱা আৰু উন্নয়নৰ ক্ষেত্ৰত উৎসৰ্গিকৃত নেতৃত্বৰ বাবেই ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লী কুৱান য়ুউ এক্সেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আগবঢ়োৱা এই সন্মানৰ কথা ছিংগাপুৰ চৰকাকৰে দেওবাৰে আনুষ্ঠানিকভাবে ঘোষণা । এগৰাকী লী কুৱান য়ুউ ফেল’ হিচাপে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ছিংগাপুৰ চৰকাৰে ছিংগাপুৰলৈ আমন্ত্ৰণ জনাইছে। নিজৰ জাতিৰ উন্নয়নৰ বাবে অপৰিসীম অৱদানৰ লগতে ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে একোগৰাকীকৈ ব্যক্তিক ছিংগাপুৰৰ সন্মানীয় লী কুৱান য়ুউ এক্সেঞ্জ ফেল’শ্বিপ প্ৰদান । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম এই ফেলশ্বিপ প্ৰাপক হিচাপে নাম ঘোষণা কৰি কয় যে, উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ অৱদানৰ বাবে এই ফেলশ্বিপ । ছিংগাপুৰৰ এই ফেল’শ্বিপ আগবঢ়োৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰথমগৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, অৰ্থনীতিবিদ তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ মনটেক সিং আহলুৱালিয়ালৈ এই সন্মান আগবঢ়াই ।

Post a Comment

0Comments

Post a Comment (0)