ৰাজ্যসভাই ‘নাৰী শক্তি বন্দন বিধেয়ক’ত অনুমোদন জনায়, যিয়ে সংসদৰ নিম্ন সদন আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰিব। ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়কৰ সপক্ষে ২১৫টা ভোটৰ বিপৰীতে বিপক্ষে লাভ নকৰে এটাও ভোট। দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয়। ‘নাৰী শক্তি বন্দন বিধেয়ক’ আইনত পৰিণত হোৱাৰ পাছত ৫৪৩ জনীয়া লোকসভাত মহিলা সদস্যৰ সংখ্যা বৰ্তমানৰ ৮২ গৰাকীৰ পৰা ১৮১ গৰাকীলৈ বৃদ্ধি পাব। ৰাজ্যিক বিধানসভাসমূহতো মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষিত কৰা হ’ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত কৈছিল যে, “বৰ্তমান বিধেয়কখনত সংৰক্ষণৰ ব্যৱস্থা ১৫ বছৰৰ বাবে কৰা হৈছে আৰু সংসদে ইয়াক বৃদ্ধি কৰাৰ অধিকাৰ থাকিব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে মহিলাৰ বাবেও সংৰক্ষিত আসনত অনুসূচিত জাতি-অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ থাকিব।
বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰিব
Friday, September 22, 2023
0