কি কি অভিলেখ গঢ়িব অসমে?

rintu Kurmi
0

১. ৯ ছেপ্টেম্বৰত খানাপাৰা খেলপথাৰত তিনি লাখ গছপুলি উপস্থাপন কৰা হ’ব। এই স্পাইৰেল ২২ কিলোমিটাৰ দীঘলীয়া হ’ব। ইয়াৰ জৰিয়তে অসমে গছপুলি ৰোপণৰ প্ৰথমটো গীনিজ ৰেকৰ্ড কৰিব।

২. ১০ ছেপ্টেম্বৰত খানাপাৰা খেলপথাৰৰ পৰা তিনি লাখ গছপুলি বিতৰণ কৰা হ’ব। ইয়াৰ জৰিয়তে গীনিজত দ্বিতীয়টো ৰেকৰ্ড হ’ব। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত একেলগে ৭৬,৮২৪টা গছপুলি বিতৰণৰ অভিলেখ আছিল।

৩. ২৪ ঘণ্টাত ৮,৪৭,২৭৫টা গছপুলি ৰোপণৰ অভিলেখ ভংগ হ’ব ওদালগুৰিত। ইয়াৰ জৰিয়তে তৃতীয়টো গীনিজ বুক ৰেকৰ্ড হ’ব।

৪. এঘণ্টাত ডিব্ৰুগড়ত বিশ্বৰ সৰ্বাধিক গছপুলি ৰোপণেৰে ১৫ ছেপ্টেম্বৰত অসমে চতুৰ্থটো অভিলেখ গঢ়িব।

৫. ২১,৮২৫ স্কোৱাৰ মিটাৰত সৰ্বাধিক বৃক্ষৰোপণেৰে ডিগবৈত ১৬ ছেপ্টেম্বৰত পঞ্চমটো অভিলেখ।

৬. ৫০ হাজাৰ লোকে ১৭ ছেপ্টেম্বৰত একেলগে বৃক্ষৰোপণেৰে ষষ্ঠটো গীনিজ ৰেকৰ্ড কৰিব।

৭. গছপুলি ৰোপণৰ সৰ্ববৃহৎ ফটো এলবামৰ (অনলাইন) বাবে সপ্তমটো অভিলেখ।

৮. গছপুলি ৰোপণৰ সংকল্প (অনলাইন)ৰ অষ্টম গীনিজ ৰেকৰ্ড ১৭ ছেপ্টেম্বৰত কৰিব অসমে।

৯. ১১ ছেপ্টেম্বৰ সৰ্ববৃহৎ পৰিৱেশ সংৰক্ষণ লেছনৰ বাবে গীনিজ ৰেকৰ্ড কৰিব।

Post a Comment

0Comments

Post a Comment (0)