আজি গান্ধী জয়ন্তী
Monday, October 02, 2023
0
মহামানৱ মহাত্মা গান্ধীৰ ১৫৪সংখ্যক জয়ন্তী। দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীক সশ্ৰদ্ধ স্মৰণ সকলোৰে । দিল্লীৰ ৰাজঘাটত বাপুজীক শ্ৰদ্ধাঞ্জলি জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গুৱাহাটীতো গান্ধী জয়ন্তীৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ গান্ধী মণ্ডপত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। প্ৰধানমন্ত্ৰী মোদীৰ উপৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দিল্লীৰ উপ–ৰাজ্যপাল ভি কে ছাকছেনাসহ বহু নেতাই ৰাজঘাটত উপস্থিত হৈ বাপুজীক শ্ৰদ্ধাঞ্জলি জনায়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ–ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।