পুনৰ উজ্বলিল ভাৰত
Wednesday, October 04, 2023
0
চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২৩ৰ মেডেল তালিকাত ভাৰত চতুৰ্থ স্থানত আছে। আজি খেলখনৰ ১১তম দিনা ভাৰতে অধিক পদক জয়ৰ লক্ষ্যৰে আগবাঢ়িছে। বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰোৰ ফাইনেলত স্বৰ্ণ পদক জয়ৰ লক্ষ্য ৰাখিব। বক্সাৰ লাভলিনা বৰগোহাঁইয়ে চীনৰ লি কিয়ানৰ বিৰুদ্ধে মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব। আনহাতে, ভাৰতীয় পুৰুষ হকী দলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে তেওঁলোকৰ ছেমিফাইনেল খেলিব। আন এজন ভাৰতীয় কিশোৰ কুমাৰ জেনাই জেভলিন থ্ৰোত পোডিয়াম ফিনিছৰ লক্ষ্যৰে প্ৰতিদ্বন্দিতা কৰিব। ভাৰতৰ পুৰুষ দলে কাবাডীত থাইলেণ্ডক ৬৩-২৬ গ’লত পৰাস্ত কৰি টীম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ হকী দলে ছেমিফাইনেলত কোৰিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব। বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে ।